প্ৰথমে জানো আহক ৰূপহীহাট বিধানসভা সমষ্টিৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ আৰু পাছৰ ভৌগলিক সীমা আৰু জনগাথঁনিৰ কিছু তথ্য।
ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত ৰূপহীহাট বিধানসভা সমষ্টিত ৯৫% মুছলমান ভোটাৰ।ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত ৰূপহীহাট সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট কিছু সাল-সলনি হৈছে ।
নতুন ৰূপহীহাট বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২ লাখ ১৭ হাজাৰ।
সমষ্টিটোত ভোটাৰৰ জনগাঁথনিৰ ভিত্তিত প্ৰায় ২ লাখ ৭ হাজাৰ ৭০০ সংখ্যালঘু ভোটাৰ আৰু ৯ হাজাৰ ৩০০ শ সংখ্যাগুৰু ভোটাৰ
শতকৰা হাৰত প্ৰায় ৯৫% সংখ্যালঘু ভোটাৰেৰে গঠন হৈছে নতুন ৰূপহীহাট বিধানসভা সমষ্টি
নতুন ৰূপহীহাট বিধানসভা সমষ্টিৰ মুঠ গাঁও পঞ্চায়তৰ সংখ্যা: ২৩টা কলিয়াবৰ,চামগুৰি,বটদ্ৰৱা, ধিং,আৰু পূৰ্বৰ ৰূপহীহাট সমষ্টিৰ মুঠ ২৩ টা গাঁও পঞ্চায়তৰে গঠন হৈছে নতুন ৰূপহীহাট বিধানসভা সমষ্টি । পূৰ্বৰ ৰূপহীহাট সমষ্টিৰ পৰা বাদ পৰা গাঁও পঞ্চায়তৰ সংখ্যা হ'ল ১০খন।
ৰূপহীহাট সমষ্টিৰ পৰা কৰ্তন হোৱা গাঁও পঞ্চায়ত কেইটা হ'ল-
পূৰ্বৰ ৰূপহীহাট সমষ্টিৰ পৰা বাদ পৰা গাঁও পঞ্চায়তৰ সংখ্যা হ'ল ১০ খন।
ৰূপহীহাট সমষ্টিৰ পৰা কৰ্তন হোৱা গাঁও পঞ্চায়ত কেইটা হ'ল-
কাঞ্চনপুৰ,গড়াজান,উত্তৰ খাটোৱাল,দক্ষিণ খাটোৱাল,হাতী পুখুৰী,ছাইদৰীয়া,ৰূপহীহাট
ভেলেউগুৰি-ডিফলু
বৰঘাট,জিউমাৰী গাঁও পঞ্চায়ত
কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা ৰূপহীহাটত অন্তৰ্ভূক্ত গাঁও পঞ্চায়তৰ সংখ্যা- ১ আৰু গাঁও পঞ্চায়তটো হৈছে বৰঘুলী গাঁও পঞ্চায়ত । চামগুৰি বিধানসভা সমষ্টিৰ পৰা ৰূপহীহাটত অন্তৰ্ভূক্ত গাঁও পঞ্চায়তৰ সংখ্যা- ১ গাঁও পঞ্চায়তটো হৈছে- ভুৰবন্ধা গাঁও পঞ্চায়ত । ধিং বিধানসভা সমষ্টিৰ পৰা ৰূপহীহাট সমষ্টিত অন্তৰ্ভূক্ত হোৱা গাঁও পঞ্চায়তৰ সংখ্যা- ৫ ধিং সমষ্টিৰ পৰা ৰূহীহাটত অন্তৰ্ভুক্ত হোৱা গাঁও পঞ্চায়তকেইটা হৈছে:
বৰালিমাৰী ফুৰহানিআটী,
মেলাকাডিং মুকুন্দআটি,
পৰমাইভেটি কান্ধুলিমাৰি,দগাঁও ধিং গাঁও,আলটাঙনি জামুগুৰি
একেদৰে বটদ্ৰৱা বিধানসভা সমষ্টিৰ পৰা অন্তৰ্ভূক্ত হোৱা গাঁও পঞ্চায়তৰ সংখ্যা- ১ খন । বটদ্ৰৱাৰ পৰা ৰূপহীহাটত অন্তৰ্ভূক্ত হোৱা গাঁও পঞ্চায়তটো হৈছে- হাতী যুঁজোৱা গাঁও পঞ্চায়ত । পূৰ্বৰ ৰূপহীহাটৰ বৰ্তমানো সমষ্টিটোত অন্তৰ্ভূক্ত হৈ থকা গাঁও পঞ্চায়তৰ সংখ্যা- ১৫ খন ।পূৰ্বৰ ৰূপহীহাটৰ বৰ্তমানো অন্তৰ্ভূক্ত হৈ থকা গাওঁ পঞ্চায়তৰ সংখ্যা হৈছে-
ফাকলি,হাতীপাৰা,তিনিচুকীয়া
চতিয়ান,তেলীয়া বেবেজীয়া
মাহগুৰি,চিঙিয়া,গদাইমাৰী,
জুৰীয়া,কছাৰী গাঁও,ধিংবৰি চাপৰি,সুতিৰপাৰ,মাহেৰিপাৰ
বগৰিগুৰী,ফুটালজাৰ
পুৰ্বৰ ৰূপহীহাট সমষ্টিৰ পৰা কৰ্তন হৈ নতুনকৈ চামগুৰি সমষ্টিত অন্তৰ্ভুক্ত হোৱা গাঁও পঞ্চায়তৰ সংখ্যা - ১০ খন ।গাঁও পঞ্চায়ত কেইখন হৈছে: কাঞ্চনপুৰ,গড়াজান,উত্তৰ খাটোৱাল,দক্ষিণ খাটোৱাল
হাতী পুখুৰী,ছাইদৰীয়া
ৰূপহী,ভেলেউগুৰি
বৰঘাট,জিউমাৰী গাঁও পঞ্চায়ত
এতিয়া জানো আহক ৰূপহীহাট বিধানসভা সমষ্টিৰ কিছু ইতিহাস
ৰূপহীহাট সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিধায়কসকল হৈছে-
ৰূপহীহাট বিধানসভা সমষ্টিৰ পৰাই প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ বিত্তমন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল প্ৰাক্তন মন্ত্ৰী প্ৰয়াত ইদ্ৰিছ আলীয়ে ।
১৯৫১- মহম্মদ ইদ্ৰিছ । মহম্মদ ইদ্ৰিছে কংগ্ৰেছ দলৰ পৰা ১৩,৫৮৫ টা ভোট লাভ কৰি ৰূপহীহাট সমষ্টিৰ পৰা প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ১৯৫৭- মহম্মদ ইদ্ৰিছ (কংগ্ৰেছ)
১৯৬২- আবু নছৰ অহিদ (কংগ্ৰেছ)১৯৬৭- এম এ মোছাব্বিৰ (নিৰ্দলীয়)
১৯৭২- মহম্মদ ইদ্ৰিছ (কংগ্ৰেছ)
১৯৭৮- মহম্মদ ইদ্ৰিছ (কংগ্ৰেছ)
১৯৮৩- মহম্মদ ইদ্ৰিছ (কংগ্ৰেছ)
১৯৮৫- ৰছিদুল হক (নিৰ্দলীয়) ইউ এম এফ দল
১৯৯১- ৰছিদুল হক (কংগ্ৰেছ)
১৯৯৬ ৰছিদুল হক( কংগ্ৰেছ)
২০০১ শ্বৰিফা বোগম কংগ্ৰেছ (কংগ্ৰেছ)
২০০৬- আব্দুল আজিজ ( অগপ)
২০১১- মজিবুৰ ৰহমান (এ আই ইউ ডি এফ)
২০১৬- নুৰুল হুদা (কংগ্ৰেছ)
২০২১- নুৰুল হুদা (কংগ্ৰেছ)
শেহতীয়া নিৰ্বাচনত কংগ্ৰেছ দলৰ নুৰুল হুদাই - ১৩২,০৯১ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ নাজিৰ হুছেইনে লাভ কৰিছিল- ২৫,৭৩৯ টা ভোট । বিগত নিৰ্বাচনত কংগ্ৰেছ এ আই ইউ ডি এফৰ সৈতে হোৱা মিত্ৰতাৰ ফলত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ নাছিল কোনো প্ৰত্যাহ্বান । উল্লেখযোগ্য যে, ৰূপহীহাট বিধানসভা সমষ্টিৰ পৰা অধিক সময় প্ৰতিনিধিত্ব কৰা প্ৰয়াত মহম্মদ ইদ্ৰিছৰ কন্যা শ্বৰিফা বেগমে ২০০১ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈ তৰুণ গগৈ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত মন্ত্ৰীত্ব লাভ কৰিছিল যদিও পৰৱৰ্তী সময়ত পৰিয়ালটোৰ ৰাজনৈতিক ক্ষেত্ৰ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা নাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ গৃহ পঞ্চায়ত ৰূপহীহাট সমষ্টিৰ অন্তৰ্ভূক্ত হোৱাত শেহতীয়াকৈ সমষ্টিটোৰ কংগ্ৰেছ নুৰুল হুদাৰ সমান্তৰালকৈ আমিনুল ইছলামেও ব্যাপক কুচ-কাৱাজ আৰম্ভ কৰিছে সমষ্টিটোত । ইফালে, সমষ্টিটোত অন্যান্য ৰাজনৈতিক দলৰ পৰাও কেইবাগৰাকী প্ৰাৰ্থীয়ে নিজ নিজ দলৰ প্ৰাৰ্থিত্ব বিচাৰি আৰম্ভ কৰিছে কুচ-কাৱাজ ।
ৰূপহীহাট সমষ্টিৰ পৰা বিজেপি দলৰ টিকত প্ৰত্যাশীসকল হৈছে প্ৰাক্তন মন্ত্ৰী ৰশ্বিদুল হকৰ পুত্ৰ বোৱাৰী ছালমা জেছমিন, অসম প্ৰদেশ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সম্পাদক আনোৱাৰ হুছেইন (ধন), কমৰুজ জামান সৰকাৰ, বিজেপি নেতা হবিবুৰ ৰহমান (বাবুল) ।
অগপ দলৰ টিকত প্ৰত্যাশীসকল হৈছে- অধিবক্তা জাকিৰ হুছেইন ফৰাজী,যুৱ নেতা ইদ্ৰিছ আলী, প্ৰাক্তন জিলা পৰিষদৰ সদস্যা মুৰ্শিদা বেগম। কংগ্ৰেছ দলৰ পৰাও সমষ্টিটোৰ দুবাৰৰ বিধায়ক নুৰুল হুদাৰ ওপৰিও মাহেৰীপাৰ-বৰঘুলী জিলা পৰিষদৰ সদস্য মুশ্বকুৰ হুছেইন চৌধুৰীৰ লগতে আন কেইবাগৰাকী নেতাই সমষ্টিটোত কুচ-কাৱাজ আৰম্ভ কৰিছে । AIUDF দলৰ বৰ্তমান ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম । ৰাইজৰ দলৰ পৰাও আবু ইউছুফ মোহম্মদ ৰাইহানৰ লগতে হিফজূৰ ৰহমান প্ৰাৰ্থিত্ব বিচৰি আছে যদিও দগাও ৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰূপহী হাট বিধানসভা সমষ্টিত কংগ্ৰেছক এৰি দিয়াৰ ইংগিত দিয়ে।